ৰঞ্জন বেজবৰুৱা

চমু পৰিচিতি

নাম ৰঞ্জন বেজবৰুৱা
জন্ম ১৯৭১
স্থান হাতীচোঙ, নগাঁও, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
পেচা গায়ক, গীতিকাৰ, শিক্ষক, অনুবাদক
দাম্পত্যসঙ্গী বৰ্ণালী পৰাশৰ
পিতৃ ৰোহিত চন্দ্ৰ বেজবৰুৱা
মাতৃ সুভদ্ৰা বেজবৰুৱা

ৰঞ্জন বেজবৰুৱা (Ranjan Bezbaruah) অসমৰ এগৰাকী শিল্পী, গীতিকাৰ, অনুবাদক, শিক্ষক, নিবন্ধকাৰ৷ ২০১৪ চনত 'ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয়' বঁটা লাভ কৰা উপৰিও এটি আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ তৰফৰ পৰা ২০২০ চনত 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান লাভ কৰে৷[1]

জন্ম পৰিচয়

ৰঞ্জন বেজবৰুৱাৰ ১৯৭১ চনত অসমৰ নগাঁৱৰ হাতীচোঙত জন্ম হয়৷ তেওঁৰ পিতৃ শিক্ষাবিদ, সাহিত্যিক প্ৰয়াত ৰোহিত চন্দ্ৰ বেজবৰুৱা আৰু মাতৃ শিক্ষয়িত্ৰী, শিল্পী শ্ৰীসুভদ্ৰা বেজবৰুৱা৷ ২০০২ চনত তেজপুৰ-জামুগুৰিহাটৰ বৰ্ণালী পৰাশৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়৷ তেওঁৰ সন্তান দুটি ক্ৰমে- ময়ূখী আৰু জিষ্ণু৷[2]

তেওঁ নগাঁৱৰ এ. ডি. পি. কলেজ আৰু কটন কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে৷ ১৯৯৭ চনত সংস্কৃত সাহিত্যত এম. এ. কৰে৷

১৯৯৯ চনত নগাঁৱৰ এ. ডি. পি. কলেজত অস্থায়ী শিক্ষক হিচাপে যোগদান কৰে। কলেজত শিক্ষকতা কৰি থাকোঁতেই বেজবৰুৱাই জ্যোতিপ্ৰসাদৰ ‘জানো জানো জানো, বিফলে নাযায়, মোৰ গানো’ শীৰ্ষক গীতটো সংস্কৃতলৈ অনুবাদ কৰে৷ উল্লেখযোগ্য যে, এইটোৱে তেওঁৰ প্ৰথমটো অনূদিত গীত৷ গীতটো তেওঁ শিক্ষক-সভা এখনত প্ৰথম গায় আৰু শিক্ষাগুৰুসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰে। পাছত ‘নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়’ত সংস্কৃত বিষয়ৰ স্থায়ী শিক্ষক হিচাপে যোগদান কৰে৷ তেওঁ জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, ৰবীন্দ্ৰনাথ, ইকবাল, কবি প্ৰদীপ, এ আৰ ৰহমান আদিৰ গীত যেনে- ‘অ’ মোৰ আপোনাৰ দেশ’, ‘শুন শুন ৰে সুৰ’, ‘বৈষ্ণৱ জন তো’ ‘একলা চলো ৰে’, ‘চাৰে জাহা চে আচ্ছা’ আদি সংস্কৃত ভাষালৈ অনুবাদ কৰিছে আৰু গাইছে৷ তেওঁ ২০১৭ চনৰ জানুৱাৰী মাহত উত্তৰ-পূৱ ভাৰতৰ প্ৰথম আৰু দেশৰ দ্বিতীয়টো সংস্কৃত বেণ্ড ‘প্ৰাচ্যা’ গুৱাহাটীৰ বালাজী মন্দিৰৰ মঞ্চত মুকলি কৰে৷ তেওঁ কণ্ঠদান কৰা কেইখনমান কথাছবি হ’ল- ‘মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ’ (২০১২), ‘যুগদ্ৰষ্টা’ (২০১৫); ‘সৰ্বগুণাকৰ শ্ৰীমন্তশঙ্কৰদেৱ’ (২০১৬); ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ (২০২০) আদি৷

বঁটা আৰু সন্মান

২০১৪ চনত 'ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা' উৰিষ্যাৰ পৰীস্থিত সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰৰ দিশত উৎসৰ্গিত বিশ্বৰ ৪২খন দেশলৈ প্ৰসাৰিত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান 'লোকভাষা প্ৰচাৰ সমিতি, ভাৰত'য়ে তেওঁক ২০২০ চনৰ 'ৰাষ্ট্ৰীয় সংস্কৃত গীতিকবি' সন্মান প্ৰদান কৰে৷[3]

গ্ৰন্থ

* গীত সংস্কৃতম্ (সংস্কৃতলৈ অনূদিত গীতৰ পুথি)
* আনন্দ সুধাকৰ (সংস্কৃতমূলক নিৱদ্ধ)

Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post