Bohu rati hol jana | Jitul Sonowal | Pratiksha

Song : Bohu rati hol jana
Singer : Jitul Sonowal
Album : Pratiksha

Bohu rati hol jana lyrics
বহু ৰাতি হ’ল জানা lyrics

বহু ৰাতি হ’ল জানা
বহু গান আজি হ’ল গোৱা
ৰাতি পুৱাবলে অলপ সময়
জানা নে নেজানা

মোৰ বাবে চকুলো নুটুকিবা
যোৱাৰ পৰত ক’লোঁ
শোণিতেৰে বুকুত নাম লিখি
আজি দূৰণিলে ওলালোঁ
অকলশৰে…
অ’ মোৰে লগৰী

বহু ৰাতি হ’ল জানা
বহু গান আজি হ’ল গোৱা
ৰাতি পুৱাবলে অলপ সময়
জানা নে নেজানা?

চাওঁ নে নেচাওঁ কৈ চোৱা
দেখি কৰুণ মুখনি
বুকুৱেদি বৈ যাব খোজে
জুই সনা বিষাদ নদী

চাওঁ নে নেচাওঁ কৈ চোৱা
দেখি কৰুণ মুখনি
বুকুৱেদি বৈ যাব খোজে
জুই সনা বিষাদ নদী
যাবলে ওলাই আজি
থমকে কিয় দু-ভৰি
আজানিতে
অ’ মোৰে লগৰী

বহু ৰাতি হ’ল জানা
বহু গান আজি হ’ল গোৱা
ৰাতি পুৱাবলে অলপ সময়
জানা নে নেজানা

পৰিলে মনত মোক পাবা
সপোন নদীৰ পাৰতে
সুধিলে খবৰ মোৰ পাবা
তৰা ভৰা আকাশকে
পৰিলে মনত মোক পাবা
সপোন নদীৰ পাৰতে
সুধিলে খবৰ মোৰ পাবা
তৰা ভৰা আকাশকে
জোনাকত যিমান পোহৰ
সিমান মৰম তোমালে
বুকুভৰি
অ’ মোৰে লগৰী
বহু ৰাতি হ’ল জানা
বহু গান আজি হ’ল গোৱা
ৰাতি পুৱাবলে অলপ সময়
জানা নে নেজানা

মোৰ বাবে চকুলো নুটুকিবা
যোৱাৰ পৰত ক’লোঁ
শোণিতেৰে বুকুত নাম লিখি
আজি দূৰণিলে ওলালোঁ
অকলশৰে
অ’ মোৰে লগৰী
অ’ মোৰে লগৰী
অ’ মোৰে লগৰী
Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post