পোহৰ বিচাৰি যাওঁ | Puhor Bisari Jau | পৰাগধৰ চলিহা | Paragdhar Chaliha | Chorus | সমবেত সংগীত

 পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ

আন্ধাৰৰ কাল যৱনিকা ভেদি

সিপাৰে কি আছে চাওঁ

আন্ধাৰৰ কাল যৱনিকা ভেদি

সিপাৰে কি আছে চাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ


দীনতা হীনতা ভুলভেদ ৰাখি

দুৰতে বিদূৰী

আন্ধাৰ কূপৰ য’ত কীটৰাজী

সবাকে বিনাশী

নতুন যুগৰ মানুহ

আমাৰ নতুন শকতি

নতুন যুগৰ মানুহ

আমাৰ নতুন শকতি

এই ধৰাতেই সজাই তুলিম

সৰগ ফুলনি

গাওঁ সুখ গীতি গাওঁ

অচিন বাটৰ বাটৰুৱা আমি

দয়া শংকা নকৰোঁ সমূলি

যাওঁ আগ বাঢ়ি যাওঁ

বিপদ বিঘিণি সকলো নেওচি

যাওঁ আগ বাঢ়ি যাওঁ

বিপদ বিঘিণি সকলো নেওচি

যাওঁ আগ বাঢ়ি যাওঁ

পোহৰ বিচাৰি যাওঁ

আন্ধাৰৰ কাল যৱনিকা ভেদি

সিপাৰে কি আছে চাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ


দূৰণিত সৌৱা জিলিকিছে চোৱা

ৰিণিকি ৰিণিকি

দূৰণিত সৌৱা জিলিকিছে চোৱা

ৰিণিকি ৰিণিকি

ৰতনপুৰৰ জয়দেউলৰ

সোণৰ কলচী

ৰতনপুৰৰ জয়দেউলৰ

সোণৰ কলচী

আহা আগবাঢ়ি যাওঁ

আন্ধাৰৰ কাল যৱনিকা ভেদি

সিপাৰে কি আছে চাওঁ

আন্ধাৰৰ কাল যৱনিকা ভেদি

সিপাৰে কি আছে চাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ

পোহৰ বিচাৰি যাওঁ...

Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post