Puwati nishar sunali torati sote | পুৱতি নিশাৰ সোণালী তৰাটি স’তে | তৰালি শৰ্মা | নলিনীবালা দেৱী

গীতৰ ফাঁকি ⵓ পুৱতি নিশাৰ সোণালী তৰাটি স’তে
কণ্ঠশিল্পী ⵓ তৰালি শৰ্মা
গীতিকাৰ ⵓ নলিনীবালা দেৱী

পুৱতি নিশাৰ সোণালী তৰাটি স’তে
ক’ৰ অচিন আলহী আহিলা
চন্দ্ৰা মগন স্বপ্ন ভূমুকি ভাঙি
অচিন আলহী নিমিষতে আঁতৰিলা
পুৱতি নিশাৰ সোণালী তৰাটি স’তে
ক’ৰ অচিন আলহী আহিলা…

নিশাৰ আন্ধাৰ আঁতৰি যোৱা নাই
ঊষাৰ সেন্দূৰী হাঁহি জিলিকা নাই
বনৰ পখীৰ ঘুমটি ভঙা নাই
নিশাৰ আন্ধাৰ আঁতৰি যোৱা নাই
ঊষাৰ সেন্দূৰী হাঁহি জিলিকা নাই
বনৰ পখীৰ ঘুমটি ভঙা নাই

অন্ধত পিন্ধি শুভ্ৰ শেৱালিৰ মালা
অচিন আলহী নিমিষতে আঁতৰিলা
পুৱতি নিশাৰ সোণালী তৰাটি স’তে
ক’ৰ অচিন আলহী আহিলা

চকুৰ তন্দ্ৰা পলকে আঁতৰি গ’ল
পুৱতিৰ মধু লগ্ন উকলি গ’ল
সুৰ, কুলিবোৰ হিয়াতে মৰহি গ’ল
চকুৰ তন্দ্ৰা পলকে আঁতৰি গ’ল
পুৱতিৰ মধু লগ্ন উকলি গ’ল
সুৰ, কুলিবোৰ হিয়াতে মৰহি গ’ল
অন্ধত পিন্ধি নিশা তৰালিৰ মালা
অচিল আলহী নিমিষতে আঁতৰিলা

পুৱতি নিশাৰ সোণালী তৰাটি স’তে
ক’ৰ অচিন আলহী আহিলা…
Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post