Tumak adori anibo | তোমাক আদৰি আনিব | আৱেগেৰে

গীতৰ ফাঁকি : তোমাক আদৰি আনিব
এলবাম : আৱেগেৰে
কণ্ঠশিল্পী : মনজ্যোৎস্না মহন্ত

তোমাক আদৰি আনিব lyrics
Tumak adori anibo lyrics

তোমাক আদৰি আনিব
কলৰে তলৰে পৰা
অ’ কলৰে তলৰে পৰা
উদুলি মুদুলি
আয়তিৰ উৰুলিত
ৰভা ঘৰ শুৱনি
ফুট গধূলিৰে পৰা
অ’ ফুট গধূলিৰে পৰা
তোমাক আদৰি আনিব…
হোমৰ জুই জ্বলিছে
ধোঁৱাইও ধৰিছে
হোমৰ জুই জ্বলিছে
ধোঁৱাইও ধৰিছে
আইৰো পুৰিছে কলিজা
অ’ আইৰো পুৰিছে কলিজা
যাবই লাগিব এই ঘৰ এৰি
চিঙি এনাজৰী
আইৰে আঁচলৰ অমীয়া
অ’ আইৰে আঁচলৰ অমীয়া
তোমাক আদৰি আনিব…
এৰি নিজা ঘৰ
আপোন হ’বগৈ পৰ
এৰি নিজা ঘৰ
আপোন হ’বগৈ পৰ
ন কৈ আজিৰে পৰা
অ’ ন কৈ আজিৰে পৰা
কিনো সুবাসে
অচিনা আৱেশে
কৰিছে বাউলি
উগুল থুগুল হিয়া
অ’ উগুল থুগুল হিয়া
তোমাক আদৰি আনিব
কলৰে তলৰে পৰা
অ’ কলৰে তলৰে পৰা
উদুলি মুদুলি
আয়তিৰ উৰুলিত
ৰভা ঘৰ শুৱনি
ফুট গধূলিৰে পৰা
অ’ ফুট গধূলিৰে পৰা
Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post