মন যায় Lyrics | Mon jay Lyrics | Zubeen Garg

গীতৰ কুলি : মন যায়

কণ্ঠশিল্পী : জুবিন গাৰ্গ

বোলছবি : মন যায়


Mon jay lyrics




মন যায় মোৰো মন যায়

মন যায় মোৰো মন যায়

চকুত চকু থৈ চাবলে

লাহে লাহে ওচৰ পাবলে

কাষে কাষে খোজ দিবলে

মন যায় মোৰো মন যায়

চকুত চকু থ’ব মন যায়...


তোমাক দেখা পালে

সপোন জাগি উঠে

বুকুখনি হয় তাজমহল

মন নদী হৈ

মৰম সূঁতি বয়

ঢৌবোৰো তাত হয় সাঁথৰ

সমূখত যেতিয়া তোমাক দেখোঁ

যাযাবৰ অভিমান মুঠিতে ৰাখোঁ

সমূখত যেতিয়া তোমাক দেখোঁ

যাযাবৰ অভিমান মুঠিতে ৰাখোঁ

মন যায় মন যায় মন যায়...


মন যায় মোৰো মন যায়

মন যায় মোৰো মন যায়...


মোৰ বুলিবলে আছেহি বুকু

মৌ-মিঠা তোমাৰে অনুভৱ

ভয় লাগে জানা

কথাৰে ক’বলে

নাম দিয়া জানোছা শিহৰণ

ক’বানে কিয় এনে ভাললগা

অসহায় অসহায় নিৰৱতা

ক’বানে কিয় এনে ভাললগা

অসহায় অসহায় নিৰৱতা

মন যায় মন যায় মন যায়...


মন যায় মন যায় মন যায়

চকুত চকু থ’ব মন যায়...


উদাসী উদাসী গধুৰ পলকতে

জোৰ সপোন আহি বহে

চুবুৰীয়া বহু শিহৰণে আহি

মোক অকলশৰীয়া কৰে

মোৰ খোজৰ বাটত ছাঁয়া নামে

তুমি পোহৰ দিয়া সাহনো বাঢ়ে

মোৰ খোজৰ বাটত ছাঁয়া নামে

তুমি পোহৰ দিয়া সাহনো বাঢ়ে,

মন যায় মন যায় মন যায়...


মন যায় মোৰো মন যায়

মন যায় মোৰো মন যায়...


আৰু কিছু বেলি দেখা দিবা নেকি

তোমাক চোৱাৰ বতৰ এইয়া

হৃদয়ৰে বাকি তেজ সিঁচি সিঁচি

তোমাক ভবাৰ বতৰ এইয়া

দুচকুৰে আহা সুৰে হাঁহে

আঁৰ হৈ আঁতৰা কাঁইটে ঘুচে

দুচকুৰে আহা সুৰে হাঁহে

আঁৰ হৈ আঁতৰা কাঁইটে ঘুচে

মন যায় মন যায় মন যায়...


মন যায় মন যায় মন যায়

চকুত চকু থ’ব মন যায়...


টুকুৰা টুকুৰা ভাঙি গুড়ি হোৱা

মনটোক কিদৰে জোৰা দিওঁ?

খেলিমেলিবোৰে ধুই শেতা কৰা

বুকুত কিহৰেনো ৰং সানো

বেদনা বেদনা মোৰ ভালপোৱা

তোমাক হেৰুৱাই পাথৰ হিয়া

বেদনা বেদনা মোৰ ভালপোৱা

তোমাক হেৰুৱাই পাথৰ হিয়া

মন যায় মন যায় মন যায়


মন যায় মোৰো মন যায়

মন যায় মোৰো মন যায়...


সুখী হৈয়ে ৰোৱা মই অবিহনে

এয়া মোৰে শুভকামনা

লাহে লাহে আঁতৰাই আনি ল’লোঁ

মই মুখ তোমাৰ পৰা

কিনো হ’ল সপোন সপোনেই ৰ’ল

সাধনা আজিযে আধৰুৱা হ’ল

কিনো হ’ল সপোন সপোনেই ৰ’ল

সাধনা আজিযে আধৰুৱা হ’ল

মন যায় মন যায় মন যায়


মন যায় মন যায় মন যায়

চকুত চকু থ’ব মন যায়...

মন যায় মন যায় মন যায়

মন যায় মন যায় মন যায়


মন যায় মন যায় মন যায়

চকুত চকু থ’ব মন যায়...

মন যায় মন যায় মন যায়...

Jems R

Jems R is a skilled developer with expertise in multiple projects. Jems is committed to delivering exceptional results, and his dedication and passion for his work are evident in all that he does. instagram facebook

Post a Comment

Previous Post Next Post